नमस्कार हमारे न्यूज पोर्टल - मे आपका स्वागत हैं ,यहाँ आपको हमेशा ताजा खबरों से रूबरू कराया जाएगा , खबर ओर विज्ञापन के लिए संपर्क करे +91 97826 56423 ,हमारे यूट्यूब चैनल को सबस्क्राइब करें, साथ मे हमारे फेसबुक को लाइक जरूर करें , আজি কৰিমগঞ্জ জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলাখনৰ অভিভাৱক মন্ত্ৰী হিচাপে এখন পৰ্যালোচনা বৈঠক সম্বোধন কৰোঁ। – Raj News Live

Raj News Live

Latest Online Breaking News

আজি কৰিমগঞ্জ জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলাখনৰ অভিভাৱক মন্ত্ৰী হিচাপে এখন পৰ্যালোচনা বৈঠক সম্বোধন কৰোঁ।

😊 Please Share This News 😊

বৈঠকত জিলাখনৰ প্ৰতিটো বিভাগৰে কামৰ খতিয়ান লওঁ। বৈঠকত জিলাখনৰ বান-খহনীয়া সমস্যা সন্দৰ্ভত আলোচনা কৰি বান নিয়ন্ত্ৰণৰ বাবে ল’বলগীয়া পদক্ষেপসমূহৰ বিষয়ে আলোচনা কৰোঁ। প্ৰথম অৱস্থাত কৰিমগঞ্জ জিলাত ১৫ৰ পৰা ২০ কিলোমিটাৰ মথাউৰি নিৰ্মাণ কৰা হ’ব। ইয়াৰ বাবে জলসম্পদ বিভাগক অধ্যয়ন কৰি সঠিক পৰিকল্পনা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিওঁ। আনহাতে, আশ্ৰয় শিবিৰৰ পৰিস্থিতি সন্দৰ্ভতো বৈঠকত আলোচনা কৰি বানাক্ৰান্তৰ বাবে খাদ্য, পশুখাদ্য, চিকিৎসাজনিত সুবিধাসমূহ সঠিককৈ প্ৰদান কৰিবলৈ নিৰ্দেশ দিওঁ। বানপানীৰ পাছত বানাক্ৰান্ত লোকসকলক পুনৰসংস্থাপন দিয়া সন্দৰ্ভতো আলোচনা কৰোঁ আৰু বানপানীৰ সৈতে জড়িত অন্যান্য বিভাগসমূহৰ কামসমূহৰো পৰ্যালোচনা কৰোঁ। এইবাৰ জিলাখনত প্ৰায় আঢ়ৈ লাখ মানুহ বানত আক্ৰান্ত হৈছে। বানাক্ৰান্ত লোকসকলক সকলো সেৱা-সুবিধা নিয়মীয়াকৈ প্ৰদান কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিওঁ।জিলাখনৰ অভিভাৱক মন্ত্ৰী হিচাপে বৈঠকত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ, কৃষি, স্বাস্থ্য আদি সকলো বিভাগৰ বিভিন্ন আঁচনিৰ বিষয়ে পৰ্যালোচনা কৰোঁ। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত চৰকাৰী গৃহ নিৰ্মাণ কৰা হয়, গতিকে এই বিভাগসমূহৰ কামে যাতে সমাজৰ দৰিদ্ৰ, আৰ্থিকভাৱে পিছপৰা শ্ৰেণীৰ লোকৰ হিত সাধন হয়, সেই কথা মনত ৰাখি বিভাগকেইটাক কাম কৰি যাবলৈ আহ্বান জনাওঁ।আজিৰ পৰ্যালোচনা বৈঠকত ভূমিস্খলনত মৃত্যু হোৱা লোকৰ পৰিয়ালক ক্ষতিপূৰণ হিচাপে আৰ্থিক সাহায্যৰ চেক বিতৰণ কৰা হয়।আজিৰ এই পৰ্যালোচনা বৈঠকত মোৰ সৈতে মাননীয় বিধায়ক ক্ৰমে শ্ৰী কৌশিক ৰায় ডাঙৰীয়া, শ্ৰী কৃষ্ণেন্দু পাল ডাঙৰীয়া, শ্ৰী বিজয় মালাকাৰ ডাঙৰীয়া, শ্ৰী কমলাক্ষ্য দে’ পুৰকায়স্থ ডাঙৰীয়া, শ্ৰী ছিদ্দেক আহমেদ ডাঙৰীয়াৰ লগতে অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ শ্ৰী মিছন ৰঞ্জন দাস ডাঙৰীয়া, কৰিমগঞ্জ জিলা বিজেপিৰ সভাপতি শ্ৰী সুব্ৰত ভট্টাচাৰ্য ডাঙৰীয়া, জিলা আয়ুক্ত, জিলা আৰক্ষী অধীক্ষকসহ জিলাখনৰ সকলো বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত থাকে।

व्हाट्सप्प आइकान को दबा कर इस खबर को शेयर जरूर करें 

स्वतंत्र और सच्ची पत्रकारिता के लिए ज़रूरी है कि वो कॉरपोरेट और राजनैतिक नियंत्रण से मुक्त हो। ऐसा तभी संभव है जब जनता आगे आए और सहयोग करे

Donate Now

[responsive-slider id=1466]
error: Content is protected !!